গননা 10:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20199 আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা। অধ্যায়টো চাওক |
যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।