তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।
বিচাৰ 18:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে। |
তেতিয়া বাপেকে তেওঁক ক’লে, “তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰ কুশলে আছে নে নাই, সেই সংবাদ লৈ আহি মোক দিবা।” ইয়াকে কৈ যাকোবে যোচেফক হিব্ৰোণ উপত্যকাৰ পৰা পঠালে আৰু যোচেফও চিখিমলৈ গ’ল।
তেওঁলোকৰ কুশল মঙ্গল জনাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ বৃদ্ধ পিতাৰ কথা যে তোমালোকে কৈছিলা, তেওঁ ভালে আছে নে? তেওঁ এতিয়ালৈকে জীয়াই আছে নে?”
তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।”
মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”
আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।
এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;