16 আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।
তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে।
তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।