এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
বিচাৰ 15:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰ ৰখা হ’ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে। |
এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
মই অহাৰ আগেয়ে আপোনাৰ পশুধন অলপ আছিল; কিন্তু এতিয়া সেইবোৰ বাঢ়ি গৈ প্রচুৰ হ’ল; মই যি যি ঠাইতে কাম কৰিলোঁ তাতেই যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰিলে। কিন্তু মোৰ নিজৰ পৰিয়ালৰ কাৰণেনো মই কেতিয়া কাম কৰিম?”
পাছত যোচেফে তেওঁলোকক যি যি কৈছিল, সেইবোৰ শুনি আৰু তেওঁক লৈ যোৱাৰ কাৰণে যোচেফে যি গাড়ী পঠাইছিল, তাকে দেখি তেওঁলোকৰ পিতৃ যাকোবৰ মন জাগি উঠিল।
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
এই বুলি মোচিয়ে হাত দাঙি, সেই লাখুটিৰে শিলটোত দুবাৰ কোব মাৰিলে; তেতিয়া অধিক পানী ওলাল আৰু সমাজে আৰু তেওঁলোকৰ পশুবোৰেও পানী খালে।
সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।