Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 16:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”

অধ্যায়টো চাওক কপি কৰক




আদি 16:13
14 পৰস্পৰ সংযোগসমূহ  

পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।


তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”


তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”


মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”


তেতিয়া যাকোবে সেই ঠাইৰ নাম পনীয়েল ৰাখিলে। তেওঁ ক’লে, “মই ঈশ্বৰক সন্মুখা-সন্মুখিকৈ দেখা পালতো, মই জীয়াই আছোঁ।”


যাকোবে পনুৱেল পাৰ হৈ যাওঁতে সূর্য উদয় হ’ল; কৰঙনৰ হাড়ৰ জোৰা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে।


ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।


যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।


কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।


তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম’; অবীয়েজ্ৰীয়া বংশৰ অফ্রা চহৰত সেই বেদী আজিও আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন