সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
বিচাৰ 14:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত চিমচোনৰ ঘৈনীয়েকে গিৰীয়েকৰ গুৰিত কান্দি ক’লে, “তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা; মোৰ স্বজাতীয়সকলক এটি সাঁথৰ ক’লা, কিন্তু মোক তাৰ অৰ্থ বুজাই নক’লা।” তেতিয়া তেওঁ ক’লে, “চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক’মনে?” |
সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
তথাপি তেওঁৰ ঘৈনীয়েকে উৎসৱৰ সাত দিনৰ শেষলৈকে তেওঁৰ গুৰিত কান্দি কান্দি থাকিল; পাছত মহিলাই তেওঁক বৰকৈ ধৰাত, তেওঁ সপ্তম দিনা তেওঁক বুজাই ক’লে; তেতিয়া তেওঁ সেই স্বজাতীয়সকলক সাঁথৰৰ অৰ্থ কৈ দিলে।
পাছত দলীলাই তেওঁক ক’লে, “তুমি মোক বিশ্বাস কৰা নাই; অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক’লা; কিন্তু এই বিষয়লৈ তুমি মোক তিনিবাৰকৈ ঠগিলা।”
এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।