Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিচাৰ 14:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তথাপি তেওঁৰ ঘৈনীয়েকে উৎসৱৰ সাত দিনৰ শেষলৈকে তেওঁৰ গুৰিত কান্দি কান্দি থাকিল; পাছত মহিলাই তেওঁক বৰকৈ ধৰাত, তেওঁ সপ্তম দিনা তেওঁক বুজাই ক’লে; তেতিয়া তেওঁ সেই স্বজাতীয়সকলক সাঁথৰৰ অৰ্থ কৈ দিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 14:17
13 পৰস্পৰ সংযোগসমূহ  

নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।


পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।”


তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।


আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।


কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা, তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা, এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা;


কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত, এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।


পাছত চিমচোনৰ ঘৈনীয়েকে গিৰীয়েকৰ গুৰিত কান্দি ক’লে, “তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা; মোৰ স্বজাতীয়সকলক এটি সাঁথৰ ক’লা, কিন্তু মোক তাৰ অৰ্থ বুজাই নক’লা।” তেতিয়া তেওঁ ক’লে, “চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক’মনে?”


পাছত সপ্তম দিনা সূৰ্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে, “মৌতকৈ মিঠা কি? আৰু সিংহতকৈ বলৱান কোন?” তাতে চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে, মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”


পাছত দলীলাই চিমচোনক ক’লে, “তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।” চিমচোনে তাইক ক’লে, “তই যদি মোৰ চুলি সাতকোঁচা তাঁতৰ লগত বৱ, তেতিয়া হ’লে মই আন মানুহৰ দৰে হৈ পৰিম।”


এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।


পাছত দলীলাই চিমচোনক ক’লে, “বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন