ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
বিচাৰ 13:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।” |
ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
হে ইস্রায়েলবাসী, মই যে তোমালোকৰ সন্তান সকলৰ মাজৰ কোনো কোনোক ভাববাদী আৰু যুৱকসকলৰ মাজৰ কোনো কোনোক নাচৰীয় হিচাবে বাচি ললোঁ, এই কথা জানো সত্য নহয়?” যিহোৱাই ইয়াকে কৈছে।
আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।
কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক’লে যে, “মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
এইদৰে পলেষ্টীয়াসকল পৰাস্ত হ’ল আৰু ইস্ৰায়েলৰ অঞ্চললৈ তেওঁলোক পুনৰ নাহিল। চমূৱেলৰ জীৱনৰ শেষলৈকে যিহোৱাৰ হাত ফিলিষ্টীয়া সকলৰ অহিতে আছিল।