13 এইদৰে পলেষ্টীয়াসকল পৰাস্ত হ’ল আৰু ইস্ৰায়েলৰ অঞ্চললৈ তেওঁলোক পুনৰ নাহিল। চমূৱেলৰ জীৱনৰ শেষলৈকে যিহোৱাৰ হাত ফিলিষ্টীয়া সকলৰ অহিতে আছিল।
ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক পলেষ্টীয়াসকলৰ হাতত শোধাই দিলে।
কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।”
এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
তাৰ পাছত যিহোৱাই যিৰুব্বাল, বাৰাক, যিপ্তহ আৰু চমূৱেলক পঠাই তোমালোকৰ চাৰিওফালে থকা শত্ৰুবোৰৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তাতে তোমালোকে নিৰাপদে বসতি কৰিলা।
কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।