বিচাৰ 12:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ ত্ৰিশ জন পুতেক আছিল; আৰু তেওঁ ত্ৰিশজনী জীয়েকক উলিয়াই দি, নিজ পুতেকহঁতৰ বাবে ত্ৰিশ জনী ছোৱালী বাহিৰৰ পৰা আনিলে। তেওঁ সাত বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে। |
বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।
যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়।
তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।