Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 10:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 10:4
8 পৰস্পৰ সংযোগসমূহ  

আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে।


তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।


তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!


যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়াসকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।)


তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল।


যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল।


পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”


হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন