বিচাৰ 1:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ। |
যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
যিহোচূৱাই যিৰীহোৰ পৰা বৈৎএলৰ পূবফালে থকা, বৈৎ-আবনৰ ওচৰৰ অয়লৈ মানুহ পঠাই ক’লে, “তোমালোকে উঠি গৈ, গুপুতে এই দেশৰ বুজ-বিচাৰ লৈ আঁহাগৈ।” তেতিয়া উঠি গৈ তেওঁলোকে অয়ৰ বুজ-বিচাৰ ল’লে।
তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।