অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ফিলীমন 1:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।

অধ্যায়টো চাওক



ফিলীমন 1:24
15 পৰস্পৰ সংযোগসমূহ  

ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷


এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল৷


ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷


তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল।


আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷


তীতৰ বিষয়ে হ’লে, তেওঁ মোৰ সহভাগী আৰু আপোনালোকৰ প্ৰতি মোৰ পাঁচনি কৰ্মৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হ’লে, তেওঁলোক মণ্ডলী সমূহৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ।


মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা আপোনালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেখেতক আপোনালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷


প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷


মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায়, তেনেহলে গ্ৰহন কৰিব, “যদি তেওঁ আপোনালোকৰ তালৈ যায়, গ্ৰহন কৰিব৷”


লূক নামৰ প্ৰিয় চিকিৎসক আৰু দীমায়ো আপোনালোকক মঙ্গলবাদ কৰিছে।


আপোনালোকৰ সৈতে মনোনীত হোৱা বাবিল দেশত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে আপোনালোকক মঙ্গলবাদ জনাইছে।


এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।