Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 27:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 27:2
17 পৰস্পৰ সংযোগসমূহ  

তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল।


আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।


মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায়, তেনেহলে গ্ৰহন কৰিব, “যদি তেওঁ আপোনালোকৰ তালৈ যায়, গ্ৰহন কৰিব৷”


ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷


এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলোঁ আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷


তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷


তাত থকা স্থানীয় লোক সকলে আমাক বিদেশী বুলি কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্ৱলালে আৰু আমাক মৰমেৰে গ্ৰহন কৰিলে৷


আমি সেই কেইদিন তাতে থাকি ওলাই যাওঁতে, তেওঁলোকে লৰা-তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থলে আৰু সাগৰৰ তীৰত আঁঠু লৈ প্ৰাৰ্থনা কৰি, পৰস্পৰে বিদায় ললোঁ৷


আৰু মায়াকর্ম্ম কৰা সকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি পঞ্চাশ হাজাৰ ৰূপৰ মুদ্ৰা পালে।


ইয়াৰ পাছত তেওঁলোক আম্ফিপলি আৰু আপল্লোনিয়া নগৰৰ মাজেদি থিচলনীকি চহৰলৈ গ’ল। তাত ইহুদী সকলৰ এটা নাম-ঘৰ আছিল।


এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”


পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,


পাছত এদিন যীচুৱে শিষ্যবোৰৰ সৈতে এখন নাৱত উঠি, তেওঁলোকক ক’লে, “আহা, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।” তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন