অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ফিলিপীয়া 2:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷

অধ্যায়টো চাওক



ফিলিপীয়া 2:7
31 পৰস্পৰ সংযোগসমূহ  

কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।


সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।


তেওঁ মোক ক’লে, “ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।”


তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।


বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।


হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা! কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।


হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।


“চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই মনোনীত কৰিলোঁ। তেৱেঁই মোৰ প্ৰিয়জন, মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়। মই তেওঁৰ ওপৰত মোৰ আত্মা দিম, তাতে তেওঁ অনা-ইহুদী সকলক ন্যায়-বিচাৰ ঘোষণা কৰিব।


মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”


তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব?


কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷


সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।


সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷


কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, “তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল”, ঠিক সেইদৰে হ’ল;


কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।


বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷


কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।


কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷


কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা,


যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷


আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।


বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।


কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।