গীত 22:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20196 কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে। অধ্যায়টো চাওক |
ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”