প্ৰকাশিত বাক্য 20:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব। |
তাৰ পাছত এটা শিল আনি গাতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয়, সেই বাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে, আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত ছাব মাৰিলে।
কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।
সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।
তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব।
তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল।