17 তাৰ পাছত এটা শিল আনি গাতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয়, সেই বাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে, আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত ছাব মাৰিলে।
তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল।
পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷
তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব।
তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
তেতিয়া চিদিকিয়া ৰজাই ক’লে, “চোৱা, তেওঁ তোমালোকৰ হাততে আছে; কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই।