প্ৰকাশিত বাক্য 18:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷ |
কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
বাবিল অকস্মাৎ পতিত হৈ বিনষ্ট হ’ল; তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ’ব পাৰে।
মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক, যি চদোম মুহুৰ্ত্ততে বিনষ্ট হৈছিল, যদিও কোনো হাতে তাইক ক্ষতিগ্ৰস্ত কৰা নাছিল।
তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।”
কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
আৰু তুমি দেখা সেই দহোটা শিঙেই, দহ জন ৰজা; তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই; কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই কেইজনেও ৰাজ অধিকাৰ পাব।
তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।
আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যত সকলো জাহাজৰ গৰাকী সকল সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।”