Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




প্ৰকাশিত বাক্য 17:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।

অধ্যায়টো চাওক কপি কৰক




প্ৰকাশিত বাক্য 17:16
17 পৰস্পৰ সংযোগসমূহ  

সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।


কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব।


আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যত সকলো জাহাজৰ গৰাকী সকল সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।”


তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।”


তেওঁলোকৰ পাঁচ জন পতিত হ’ল, এজন বৰ্তমান আছে, আৰু আন জন এতিয়াও অহা নাই; কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব।


ষষ্ঠ দূত জনে ফৰাৎ মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল।


তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।


দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।


তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,


আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন