অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




প্ৰকাশিত বাক্য 11:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা; কিয়নো তাক অনা-ইহুদী সকলক দিয়া হ’ল৷ তাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব।

অধ্যায়টো চাওক



প্ৰকাশিত বাক্য 11:2
32 পৰস্পৰ সংযোগসমূহ  

হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।


কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয়, আৰু বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত ইস্ৰায়েলৰ ঈশ্বৰত বিশ্বাস কৰে।


মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।


হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।


শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।


যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।


তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।


নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।


তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।


তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।


সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।


তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”


তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”


তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।


তেওঁৰ পুনৰুত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ’ল আৰু বহু ব্যক্তিক দেখা দিলে।


তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;


তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব।


তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।


তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!


চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।


মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”


আৰু সেই তিৰোতা এক হাজাৰ দুশ ষাঠি দিনলৈকে প্ৰতিপালিত হ’বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ’ল।


তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।


আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ।


আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব।