Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দানি 8:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”

অধ্যায়টো চাওক কপি কৰক




দানি 8:14
14 পৰস্পৰ সংযোগসমূহ  

পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।


চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।


যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।


যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।


যিজনে এক হাজাৰ তিনিশ পয়ত্ৰিশ দিনলৈকে অপেক্ষা কৰিব, তেওঁ আশীৰ্ব্বাদপ্রাপ্ত হ’ব।


নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।


তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।


সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ’ল, সেয়ে সত্য; কিন্তু এই দৰ্শন চাব মাৰি বন্ধ কৰা আছে; কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে।”


ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”


পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।


কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।


সেই পশুক বৰ বৰ কথা কবলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ’ল৷ বিয়াল্লিশ মাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন