ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
পাঁচনি 25:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে। |
ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞা দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।
আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷
“ভালৰ অৰ্থে কুকৰ্ম কৰোঁহক,” এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য।
অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷