Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 25:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 কিন্তু ফীষ্ট তেওঁলোকক উত্তৰ দিলে, যে পৌলক চীজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 25:4
8 পৰস্পৰ সংযোগসমূহ  

পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷


কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।


কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধীনত থৈ গ’ল৷


ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ’ল।


গতিকে, তেওঁ ক’লে, “যদি সেই মানুহৰ কোনো দোষ আছে, তেনেহলে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷”


পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।


কিছুদিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকী চীজাৰিয়ালৈ আহি ফীষ্টক মঙ্গলবাদ কৰিলে।


তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন