পাঁচনি 20:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে। |
ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।
আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ।
সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,
এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;