পাঁচনি 2:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে; |
কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;