অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




নহি 3:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

উজয়ৰ পুত্ৰ পাললে আলমৰ বিপৰীতে ওপৰ ফালে ৰজাৰ গৃহৰ পৰা স্তম্ভৰ প্ৰহৰীৰ চোতাললৈকে মেৰামতি কৰিলে। তেওঁৰ পাছত পৰিয়োচৰ পুত্ৰ পদায়াই মেৰামতি কৰিলে।

অধ্যায়টো চাওক



নহি 3:25
12 পৰস্পৰ সংযোগসমূহ  

পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।


আৰু ইফ্ৰয়িমৰ দুৱাৰ হৈ, পুৰণি দুৱাৰ, মৎস্য-দুৱাৰ, হননেলৰ কোঁঠ, হম্মেয়া কোঁঠেদি মেৰ-ছাগদুৱাৰলৈকে গ’ল, আৰু তেওঁলোক গৈ প্ৰহৰী দুৱাৰত ৰখিল।


পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।


ইজ্ৰা অধ্যাপকে, সেই কাৰ্যৰ কাৰণে সজা এখন ওখ কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁৰ ওচৰত সোঁ ফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিল্কিয়া, আৰু মাচেয়া, আৰু বাওঁফালে পদায়া, মিচায়েল, মল্কিয়া, হাচুম, হচবদ্দানা, জখৰিয়া আৰু মচুল্লম থিয় হৈছিল।


যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকি দুৱাৰ কাটে, আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায়, আৰু সেন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হব।”


সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।


তাৰ পাছত দ্বিতীয়বাৰ যিৰিমিয়ালৈ যিহোৱাৰ বাক্য আহিল বোলে, সেই সময়ত তেওঁ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।


তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।


তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, আৰু তোমালোকলৈ চিয়োন জীয়ৰীৰ পাহাৰ, পূৰ্বৰ শাসন, যিৰূচালেম জীয়ৰীৰ ৰাজ্য আহিব।