Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 8:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 ইজ্ৰা অধ্যাপকে, সেই কাৰ্যৰ কাৰণে সজা এখন ওখ কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁৰ ওচৰত সোঁ ফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিল্কিয়া, আৰু মাচেয়া, আৰু বাওঁফালে পদায়া, মিচায়েল, মল্কিয়া, হাচুম, হচবদ্দানা, জখৰিয়া আৰু মচুল্লম থিয় হৈছিল।

অধ্যায়টো চাওক কপি কৰক




নহি 8:4
16 পৰস্পৰ সংযোগসমূহ  

ইজ্ৰাৰ মূখ্য লোক মচুল্লম, অমৰিয়াৰ মূখ্য লোক যিহোহানন,


বিন্যামীন বংশৰ পৰা এওঁলোক: ঈথীয়েলৰ পুত্র যিচয়া, যিচয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্র কোলায়া, কোলায়াৰ পুত্ৰ পদায়া, পদায়াৰ পুত্ৰ যোৱেদ, যোৱেদৰ পুত্ৰ মচুল্লম, আৰু মচুল্লমৰ পুত্ৰ চল্লু আছিল।


আৰু তাত চীলোনীয়াৰ পুত্র জখৰিয়া, জখৰিয়াৰ পুত্র যোয়াৰীব, যোয়াৰীবৰ পুত্র অদায়া, অদায়াৰ পুত্র হজায়া, হজায়াৰ পুত্র কলহোজি, কলহোজিৰ পুত্র বাৰূক, আৰু বাৰূকৰ পুত্ৰ মাচেয়া আছিল।


ৰহূম, হচবনা, মাচেয়া,


মগপীয়চ, মচুল্লম, হেজীৰ,


হোদিয়া, হাচুম, বেচয়,


মচুল্লম, অবিয়া, মিয়ামীন,


পচহুৰ, অমৰিয়া, মল্কিয়া,


হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।


বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।


তেওঁ ক’লে “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷


কিয়নো চলোমনে পাঁচ হাত দীঘল, পাঁচ হাত বহল আৰু তিনি হাত ওখ এনে এখন পিতলৰ মঞ্চ সাজিছিল আৰু সেই মঞ্চটো চোতালৰ মাজ-মজিয়াত ৰাখিছিল৷ তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ইস্ৰায়েলৰ সকলো মণ্ডলীৰ সাক্ষাতত আঠুকাঢ়ি স্বৰ্গৰ ফালে হাত মেলিলে।


জল-দুৱাৰৰ আগত থকা মুকলি ঠাইৰ ফালে মুখ কৰি, স্ত্ৰী-পুৰুষ আদি যিমানে বুজিব পাৰে, তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা-পুস্তকৰ কথা মনদি শুনিলে।


তাৰ পাছত ইজ্ৰাই সকলো লোকতকৈ ওখ ঠাইত থিয় হৈ সকলো লোকে দেখাকৈ পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হ’ল।


তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।


লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন