নহি 2:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে। |
মই ৰজা অৰ্তক্ষত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে, ‘ইজ্ৰাই তোমালোকৰ পৰা যি বস্তু খুজিব, তোমালোকে তেওঁক সম্পূৰ্ণকৈ দিবা।
শত্রুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে, “আমাৰ ঈশ্বৰে, তেওঁক মঙ্গল খোজা সকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে।”
তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজপ্ৰতিনিধি আৰু ৰজাৰ উচ্চপদত থকা কৰ্মচাৰী সকলক ৰজাৰ আজ্ঞা পত্ৰ দিলে, আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে।
মই নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্য সমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল।
তেওঁলোকৰ পাছত গিবিয়োনীয়াৰ মলটিয়াৰ লগত মেৰোনোথীয়াৰ যাদোনে মেৰামতি কৰিলে। তেওঁলোক গিবিয়োন আৰু মিস্পাৰ মূখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্রদেশত দেশাধ্যক্ষ আছিল, সেই খনেই মিস্পা নগৰ।