Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 8:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

36 তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজপ্ৰতিনিধি আৰু ৰজাৰ উচ্চপদত থকা কৰ্মচাৰী সকলক ৰজাৰ আজ্ঞা পত্ৰ দিলে, আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 8:36
11 পৰস্পৰ সংযোগসমূহ  

কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে৷ নিজৰ মুখ মেলিলে, আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে।


যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।


প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।


তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে।


তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে।


তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।


যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন