এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
নহি 13:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেনেহলে বিদেশী মহিলা বিয়া কৰাৰ দ্ৱাৰাই ঈশ্বৰৰ বিৰুদ্ধে আনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু-কাৰ্য কৰি আমি আপোলোকৰ কথা শুনিম নে? |
এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
আমি পুনৰ আপোনাৰ আজ্ঞা-লঙ্ঘন কৰিম, আৰু ঘিণলগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিম নে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রোধ আৰু সম্পূৰ্ণ ধংস নকৰিব নে?
আমি এয়াও প্রতিজ্ঞা কৰোঁ যে, আন দেশৰ লোকসকলে যদি বিশ্ৰাম-বাৰে কোনো বস্তু বা শস্য বেচিবলৈ আনে, তেওঁলোকৰ পৰা বিশ্ৰাম-বাৰ বা আন পবিত্ৰ দিনতো আমি সেইবোৰ নিকিনোঁ। প্রতি সপ্তম বছৰত আমি খেতি নকৰোঁ, আৰু আন যিহুদী সকলৰ লগত চুক্তি কৰা সকলো ধাৰ আমি ৰেহাই দিম।
সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”