Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 13:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোণীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।

অধ্যায়টো চাওক কপি কৰক




নহি 13:28
14 পৰস্পৰ সংযোগসমূহ  

কিন্তু হোৰোণীয়া চনবল্লট,অম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”


ইলিয়াচীবৰ দিনত লেবীয়া সকল, ইলিয়াচীব, যোয়াদা, যোহানন, আৰু যদ্দুৱা, এওঁলোক পৰিয়ালৰ মূখ্য লোক বুলি লিপিৱদ্ধ কৰা হৈছিল। পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ত্বৰ সময়ত পুৰোহিত সকলৰ নাম লিপিৱদ্ধ কৰা হৈছিল।


যোয়াদাৰ পিতৃ ইলিয়াচীব, ইলিয়াচীবৰ পিতৃ যোয়াকীম, যোয়াকীমৰ পিতৃ যেচুৱা,


প্ৰধান পুৰোহিত ইলিয়াচীব আৰু তেওঁৰ পুৰোহিত ভাইসকলে উঠি মেৰ-ছাগদুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশ টা স্তম্ভ আৰু হননেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে।


ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।


জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে, আৰু তাৰ পাছত তেওঁ শষ্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়।


সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।


প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।


তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”


তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।


যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন