তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
নহি 13:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।” |
তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”
তেতিয়া মই কৰ্মচাৰী সকলৰ সৈতে বিবাদ কৰি ক’লো, “ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে?” পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ।
তেতিয়া মই যিহূদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক’লো, “আপোনালোকে যে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি, এইবোৰ কি কুকৰ্ম কৰিছে?
তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্ৰী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।
মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।
দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।
যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
যিজনে বিধান ত্যাগ কৰে, তেওঁ দুষ্টলোকক প্ৰশংসা কৰে, কিন্তু যিজনে বিধান পালন কৰে, তেওঁ তেওঁলোকৰ বিৰুদ্ধে যুঁজ কৰে।
প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই।
আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।
নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,