24 তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্ৰী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।
সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।