তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”
নহি 12:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল। |
তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”
দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে।
তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে।
লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।
লেবীৰ বংশৰ লোকসকল আৰু পৰিয়ালৰ মূখ্য লোকসকলৰ নাম ইলিয়াচীবৰ পুত্ৰ যোহাননৰ দিনলৈকে ইতিহাস পুস্তকত লিপিৱদ্ধ কৰা আছিল।
ইয়াত জখৰিয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চময়িয়া, অজৰেল, মিললয়, গিললয়, মাৱয়, নথনেল, যিহূদা, আৰু হাননী ঈশ্বৰৰ লোক দায়ুদৰ বাদ্য যন্ত্ৰ বজাইছিল। অধ্যাপক ইজ্ৰা তেওঁলোকৰ সন্মুখত আছিল।
আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।
লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক অনুসৰণ কৰা।
সেই সময়ত যিহূদা ফৈদ যিহোচূৱাৰ ওচৰলৈ আহো বুলি গিলগললৈ আহিছিল৷ তেতিয়া কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবে তেওঁক ক’লে, “যিহোৱাই মোৰ আৰু তোমাৰ বিষয়ে কাদেচ-বৰ্ণেয়াত ঈশ্বৰৰ লোক মোচিক কি কথা কৈছিল, সেই বিষয়ে তুমি জানা।