Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 11:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।

অধ্যায়টো চাওক কপি কৰক




নহি 11:17
15 পৰস্পৰ সংযোগসমূহ  

তাত বকবক্কৰ, হেৰচ, গালল, আচফৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ নাতি মীখাৰ পুত্র মত্তনিয়াও আছিল।


আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।


তাৰ পাছত যিহূদাত থকা মোৰ মুখ্য লোকসকল গড়ৰ ওপৰলৈ গ’ল, আৰু মই ধন্যবাদ প্রাৰ্থনাৰ বাবে এটা ডাঙৰ গায়ক দল নিযুক্ত কৰিলোঁ। এটা দল গড়ৰ ওপৰত সোঁফালে গোবৰ-দুৱাৰলৈ গ’ল।


মত্তনীয়া, বকবুকিয়া, ওবদিয়া, মচুল্লম, টল্মোন, আৰু অক্কুব দুৱৰী হৈ গুদামবোৰৰ দুৱাৰত থিয় হৈ পহৰা দিছিল।


জক্কুৰ, চেৰেবিয়া, চবনিয়া,


যিহোৱাক ধন্যবাদ দিবলৈ, হেমন, আৰু যিদূথূন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ “যিহোৱাৰ দয়া চিৰকাললৈকে থাকে,”


দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে।


সেই মফিবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল।


লেবীয়া সকলৰ মূখ্য লোকসকলৰ পৰা চবথয় আৰু যোজাবদ আছিল, আৰু তেওঁলোক ঈশ্বৰৰ গৃহৰ বাহিৰৰ কামৰ দায়িত্বত আছিল।


পবিত্ৰ নগৰত থকা লেবীয়া সকল সৰ্ব্বমুঠ দুশ চৌৰাশী জন আছিল।


লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল।


বহু দিনৰ পূৰ্বতে, দায়ুদ আৰু আচফৰ সময়ত তাত গায়ক সকলৰ পৰিচালক আছিল, আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্রশংসাৰ স্তুতিগীত কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন