এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
নহি 10:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ। |
এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।
পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”
তোমালোকৰ মাটিৰ প্ৰথম ফলৰ উত্তম ভাগ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰৰ লগত নিসিজাবা।
প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”
আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।