Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 3:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”

অধ্যায়টো চাওক কপি কৰক




গননা 3:13
16 পৰস্পৰ সংযোগসমূহ  

কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।”


তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।


“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”


তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।


যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’


স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,


আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা।


মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।


প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।


তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।


বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।


আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।”


আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।


তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন