চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।
তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোক সমূহক দিম।
যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
তেওঁ যাকোবত অধৰ্ম দেখা নাই, বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই; নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে, আৰু তেওঁলোকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।
কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ; আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ। চোৱা, তেওঁলোক অকলে বাস কৰা লোক জাতি সমূহৰ মাজত তেওঁলোক গণিত নহয়।
সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই।
যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।
হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”
এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।