তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা।
দ্বি.বি. 3:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা। |
তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা।
তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।
“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
“তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”