Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 3:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 কিন্তু আপোনালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা;

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 3:26
15 পৰস্পৰ সংযোগসমূহ  

“তুমি যোৱা, মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: মই বাস কৰিবলৈ মোৰ বাবে তুমি ঘৰ নাসাজিবা।


যীচুৱে উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক ক’লে ‘পাৰিম’।


পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”


সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ।


আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।


“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’


তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন