তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
দ্বি.বি. 3:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ। |
তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
আপোনালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা ফৈদক দিলোঁ। (বাচানৰ সেই অঞ্চলক ৰফায়ীয়াসকলৰ দেশ বোলা হয়।
এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;