33 তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।
যিহোৱাহজৰ পুত্র যিহোৱাচে সেই সকলো নগৰবোৰ পুনৰায় অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্র বিন-হদদে তেওঁৰ পিতৃ যিহোৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহোৱাচে তিনিবাৰ বিন-হদদক আক্ৰমণ কৰি ইস্ৰায়েলৰ সেই নগৰবোৰ পুনৰায় উদ্ধাৰ কৰিলে।