আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।
তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
মই জানিলোঁ যে, মানুহৰ বাবে জীৱন কালত আনন্দ আৰু সৎকৰ্ম কৰাৰ বাহিৰে ভাল একো নাই।
ইও ঈশ্বৰৰ দান। প্ৰত্যেক মানুহে খোৱা-বোৱা কৰি সকলো কার্যতে সন্তুষ্ট হৈ থকা উচিত।
তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য।
সুখৰ দিনত সুখী হোৱা; কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা: ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।
চোৱা, মোৰ দাসবোৰে মনৰ আনন্দ গান কৰিব, কিন্তু তোমালোকে মনৰ দুখত কাতৰোক্তি কৰিবা, আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিবা।
কাৰণ তেওঁৰ মঙ্গল কেনে মহৎ! আৰু তেওঁৰ সৌন্দৰ্য্য বা কেনে মহৎ! শস্যই যুৱাসকলক আৰু নতুন দ্ৰাক্ষাৰসে যুৱতীসকলক সতেজ কৰিব।
আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ, তেনেহলে সেয়া জানো অধিক বেচি পোৱা হয়?
সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।
সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।
আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব।
কাৰণ, আপোনালোক যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলে।
আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।