অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
দ্বি.বি. 23:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়। |
অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।
যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।
সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।