5 যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে।
ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।
তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
পাছত প্ৰভুৱে তেওঁক কলে, ‘তোমাৰ ভৰিৰ পৰা পাদুকা সোলোকোৱা। কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়ে পবিত্ৰ ভূমি।
আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।
কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে, তেনেহলে তাক শিল দলিয়াই মৰা হ’ব, এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে,
যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷
আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো।