এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
দ্বি.বি. 22:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক। |
এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
আপোনালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, আপোনালোকে সেইবোৰলৈ অৱহেলা নকৰিব; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিব।
আপোনালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে আপোনালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাব।