অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




দ্বি.বি. 2:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”

অধ্যায়টো চাওক



দ্বি.বি. 2:9
13 পৰস্পৰ সংযোগসমূহ  

এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷


অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।


মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।


আৰু আৰ নামেৰে লোকালয়লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।


কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।


মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।


চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”


তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।


তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।


তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।


তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।