Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 2:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 2:29
15 পৰস্পৰ সংযোগসমূহ  

পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।


তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।


তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।”


শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”


তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়াসকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”


কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।


আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিব লাগিব।


এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।


তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।


সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।


নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব


এই হেতুকে আপোনালোকে জানিব যে, আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো আপোনালোক এক ঠৰডিঙীয়া জাতি।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন