অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




দানি 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,

অধ্যায়টো চাওক



দানি 2:19
16 পৰস্পৰ সংযোগসমূহ  

ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,


যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।


ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।


তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।


কিন্তু গছৰ মুঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে, আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব।


“হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।


দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।


তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।


অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।


যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।


ইস্ৰায়েলৰ লোকসকলে এই সুসংবাদ তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে৷ ইস্ৰায়েলৰ লোকসকলে ঈশ্বৰক ধন্যবাদ কৰিলে আৰু ৰূবেণ ও গাদৰ সন্তান সকল থকা দেশৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি বিনষ্ট কৰাৰ কথা পুনৰ নক’লে।